======================================================================
LibreOffice 3.6 মোক পঢ়ক
======================================================================

এই মোকপঢ়ক নথিপত্ৰৰ শেহতীয়া আপডেইটসমূহৰ বাবে, http://www.libreoffice.org/welcome/readme.html চাওক

এই নথিপত্ৰয় LibreOffice চফ্টৱেৰৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্য অন্তৰ্ভুক্ত কৰে। আপোনাক ইনস্টল আৰম্ভ কৰাৰ আগত এই তথ্য সাৱধানেৰে পঢ়ি লোৱাৰ পৰামৰ্শ দিয়া হৈছে।

এই উৎপাদনৰ উন্নয়নৰ বাবে LibreOffice সম্প্ৰদায় দায়ি, আৰু আপোনাক এজন সম্প্ৰদায় সদস্য হিচাপে অংশগ্ৰহন কৰিবলে নিমন্ত্ৰণ জনাইছে। যদি আপুনি এজন নতুন ব্যৱহাৰকাৰী হয়, আপুনি LibreOffice ছাইট চাব পাৰে, যত আপুনি LibreOffice প্ৰকল্পৰ আৰু যিসকল সম্প্ৰদায় ইয়াৰ চৌপাশে অস্তিত্ববান সিহতৰ বিষয়ে বহুতো তথ্য পাব। http://www.libreoffice.org/।

LibreOffice সঁচাকে যিকোনো ব্যৱহাৰকাৰীৰ কাৰণে বিনামূলীয়া নে?
----------------------------------------------------------------------

LibreOffice সকলোৰে ব্যৱহাৰৰ কাৰণে বিনামূলীয়াকে উপলব্ধ। আপুনি এই LibreOffice ৰ কপি লব পাৰে আৰু যিমান ইচ্ছা সিমান কমপিউটাৰত ইনস্টল কৰিব পাৰে, আৰু ইয়াক যিকোনো কাৰণত ব্যৱহাৰ কৰিব পাৰে যেনে (বানিজ্যিক, চৰকাৰী, ৰাজহুৱা, প্ৰশাসনীয় আৰু শিক্ষামূলক ব্যৱহাৰ)। অধিক জানিবলে এই LibreOffice ডাউনল'ডৰ লগত পেকেইজ্ড অনুজ্ঞা লিখনী চাওক।

LibreOffice যিকোনো ব্যৱহাৰকাৰীৰ কাৰণে বিনামূলিয়া কিয়?
----------------------------------------------------------------------

আপুনি LibreOffice ৰ এই কপি বিনামূলিয়াভাবে ব্যৱহাৰ কৰিব পাৰে কাৰণ সূকীয়া অৱদানকাৰী আৰু কৰপোৰেট অনুপালকসমূহে ৰূপাঙ্কন, উন্নয়ন, পৰিক্ষা, অনুবাদ, তথ্যচিত্ৰ লিখনী, সমৰ্থন, বিপণন আৰু বহু ধৰণে সহায় কৰিছে LibreOffice ক তাৰ বৰ্তমান ৰূপ দিবলে - বিশ্বৰ আগশাৰীৰ মুক্ত উৎস উৎপাদনকাৰী চফ্টৱেৰ ঘৰ আৰু অফিচৰ বাবে।

যদি আপুনি তেওলোকৰ চেষ্টাসমূহ সলাগে, আৰু সুনিশ্চিত কৰিব বিচাৰে যে LibreOffice ভবিষ্যততো উপলব্ধ হৈ থাকে, অনুগ্ৰহ কৰি প্ৰকল্পটোলে অৱদান দিয়াৰ কথা ভাবি চাওক - বিৱৰণৰ বাবে  http://www.documentfoundation.org/contribution/ চাওক। প্ৰতিজনে কিছু পৰিমাণৰ অৱদান দিব পাৰিব।

----------------------------------------------------------------------
ইনস্টলেষণ টোকা
----------------------------------------------------------------------

LibreOffice ৰ সম্পূৰ্ণ কাৰ্যকৰিতাৰ বাবে Java চলনসময় পৰিৱেশ (JRE) ৰ এটা শেহতীয়া সংস্কৰণৰ প্ৰয়োজন। JRE LibreOffice ইনস্টল পেকেইজৰ এটা অংশ নহয়, ইয়াক পৃথকভাৱে ইনস্টল কৰিব লাগিব।

চিস্টেমৰ প্ৰয়োজনীয়তাবোৰ:
----------------------------------------------------------------------

এটা সাধাৰণ নিয়ম হিচাপে, আপোনাক LibreOffice আপোনাৰ বিশেষ Linux বিতৰন ( যেনে Ubuntu চফ্টৱেৰ কেন্দ্ৰ, Ubuntu Linux ৰ ক্ষেত্ৰত) দ্বাৰা উপদেশিত ইনস্টল পদ্ধতিসমূহৰে ইনস্টল কৰাৰ উপদেশ দিয়া হয়। এয়া এই কাৰণে যে ই সাধাৰণত এটা ইনস্টল প্ৰাপ্ত কৰিবলে আটাইতকৈ সৰলতম ধৰণ  যাক অনুকূলিতভাৱে আপোনাৰ চিস্টেমত অনুকলন কৰা হৈছে। দৰাচলতে, LibreOffice হয়তো অবিকল্পিতভাৱে ইনস্টল হৈ থাকিব পাৰে যেতিয়া আপুনি প্ৰকৃততে আপোনাৰ Linux অপাৰেটিং চিস্টেম ইনস্টল কৰে।

এই "স্টেণ্ডএলোন" LibreOffice ইনস্টলাৰক ব্যৱহাৰকাৰীসমূহৰ কাৰণে যোগান দিয়া হয়পূৰ্বদৰ্শনসমূহৰ প্ৰয়োজনৰ সময়ত, বিশেষ প্ৰয়োজনসমূহ থকাকে, আৰু সাধাৰণৰ বাহিৰ ক্ষেত্ৰসমূহৰ কাৰণে।

* Linux কাৰনেল সংস্কৰণ ২.৬.১৮ অথবা অধিক;
* glibc2 সংস্কৰণ ২.৫ অথবা অধিক;
* gtk সংস্কৰণ ২.১০.৪ অথবা অধিক;
* Pentium সংগত PC (Pentium III অথবা Athlon উপদেশিত);
* 256 MB RAM (512 MB RAM উপদেশিত);
* ১.৫৫ GB লৈ হাৰ্ড ডিস্ক স্থান উপলব্ধ;
* ১০২৪x৭৬৮ বিভেদনৰ সৈতে X চাৰ্ভাৰ (উচ্চ বিভেদন উপদেশিত), অন্তত ২৫৬ ৰঙসমূহৰ সৈতে;
* Gnome ২.৬ অথবা অধিক, gail ১.৮.৬ আৰু at-spi ১.৭ পেকেইজসমূহৰ সৈতে (সহায়ক প্ৰযুক্তি [AT] সঁজুলিসমূহৰ সমৰ্থনৰ কাৰণে প্ৰয়োজনীয়), অথবা অন্য সংগত GUI (যেনে KDE, অন্যৰ ভিতৰত)।

Linux বিতৰনসমূহৰ কেইবাটাও ধৰণ আছে, আৰু বহুতো ইনস্টল বিকল্প (KDE vs Gnome, etc.) একেটা Linux বিক্ৰেতাৰ পৰা উপলব্ধ হব পাৰে। কিছুমান বিতৰন সিহতৰ নিজস্ব LibreOffice - ৰ "স্থানীয়" সংস্কৰণৰ লগত আহে যাৰ এই সম্প্ৰদায়ে প্ৰদান কৰা LibreOffice ৰ সংস্কৰণৰ পৰা ভিন্ন বৈশিষ্টসমূহ থাকিব পাৰে। বহু ক্ষেত্ৰত আপুনি এটা স্থানীয় সংস্কৰণৰ লগতে এটা সম্প্ৰদায় প্ৰদান কৰা LibreOffice ইনস্টল কৰিব পাৰে। যি কি নহওক আপুনি হয়তো এই সম্প্ৰদায় প্ৰদান কৰা সংস্কৰণ ইনস্টল কৰাৰ আগতে স্থানীয় সংস্কৰণ আতৰোৱা পছন্দ কৰিব পাৰে। সেইটো কি ধৰণে কৰিব তাৰ বিষয়ে বিৱৰিত জানিবলে, অনুগ্ৰহ কৰি আপোনাৰ Linux বিক্ৰেতায় প্ৰদান কৰা ব্যৱহাৰকাৰী সহায় সম্পদসমূহৰ পৰামৰ্শ লওক।

আপুনি চফ্টৱেৰ আতৰোৱা অথবা ইনস্টল কৰাৰ আগতে আপোনাৰ চিস্টেম আৰু তথ্য বেক-আপ লোৱাটো এটা উপদেশিত ভাল অভ্যাস।

অনুগ্ৰহ কৰি সুনিশ্চিত হওক যে আপোনাৰ চিস্টেমত থকা অস্থায়ী ডাইৰেটৰিত পৰ্যাপ্ত খালি স্থান আছে, আৰু অনুগ্ৰহ কৰি সুনিশ্চিত কৰক যে পঢ়া, লিখা আৰু চলা অভিগম অধিকাৰসমূহৰ অনুমতি দিয়া হৈছে। ইনস্টল প্ৰক্ৰিয়া আৰম্ভ কৰাৰ আগত সকলো অন্য প্ৰগ্ৰাম বন্ধ কৰক।

Debian/Ubuntu-ভিত্তিয় Linux চিস্টেমত LibreOffice ৰ ইনস্টল
----------------------------------------------------------------------

যদি আপোনাৰ LibreOffice এটা পূৰ্বৱৰ্তী সংস্কৰণ ইতিমধ্যে ইনস্টল আছে, তেনেহলে আপুনি আগবঢ়াৰ আগত ইয়াক আনইনস্টল কৰিব লাগিব। এটা ভাষা পেক কিদৰে ইনস্টল কৰিব তাৰ বিষয়ে নিৰ্দেশৰ বাবে (LibreOffice ৰ US ইংৰাজী সংস্কৰণ ইনস্টল কৰাৰ পিছত), অনুগ্ৰহ কৰি তলত দিয়া অংশ 'এটা ভাষা পেক ইনস্টল কৰা' পঢ়ক।

যেতিয়া আপুনি ডাউনল'ড কৰা আৰ্কাইভ আনপেক কৰে, আপুনি দেখিব যে সমলসমূহক এটা উপ- ডাইৰেকটৰিত অসংকোতিচ কৰা হৈছে। এটা নথিপত্ৰ ব্যৱস্থাপক উইন্ডো খোলক, আৰু ডাইৰেকটৰিক এটা "LibO_" লে আৰম্ভ হোৱা, সংস্কৰণ নম্বৰ আৰু কিছু প্লেটফৰ্ম তথ্যৰে অনুকৰণ হোৱালে সলনি কৰক। 

ডাইৰেকটৰিয়ে "DEBS" নামৰ এটা উপ-ডাইৰেকটৰি অন্তৰ্ভুক্ত কৰে। ডাইৰেকটৰিক "DEBS" ডাইৰেকটিলে সলনি কৰক।

ডাইৰেকটৰিৰ ভিতৰত ৰাইট-ক্লিক কৰক আৰু বাছক "টাৰমিনেলত খোলক"। এটা টাৰমিনেল উইন্ডো খোল খাব। টাৰমিনেলৰ উইন্ডো কমান্ড শাৰীৰ পৰা, নিম্নলিখিত কমান্ড সুমুৱাওক (কমান্ডটো প্ৰেৰণ হোৱাৰ আগত আপোনাক আপোনাৰ ৰুট ব্যৱহাৰকাৰী পাছৱাৰ্ড বিচৰা হব):

sudo dpkg -i *.deb

উপৰত থকা dpkg কমান্ডে ইনস্টল প্ৰক্ৰিয়াৰ প্ৰথম অংশ কৰে। প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিবলে, আপুনি ডেস্কটপ অনুকলন পেকেইজসমূহ ইনস্টল কৰিব লাগিব। সেয়া কৰিবলে, নিম্নলিখিত কমান্ড ব্যৱহাৰ কৰি ডাইৰেকটৰিক "ডেস্কটপ অনুকলন" ডাইৰেকটৰিলে সলনি কৰক যোনটো "DEBS" ডাইৰেকটৰিৰ ভিতৰত আছে:

cd ডেস্কটপ-অনুকলন

এতিয়া dpkg কমান্ড পুনৰ চলাওক:

sudo dpkg -i *.deb

ইনস্টল প্ৰক্ৰিয়া এতিয়া সম্পূৰ্ণ হৈছে, আৰু আপোনাৰ ডেস্কটপৰ অনুপ্ৰয়োগসমূহ/অফিচ মেনুত থকা সকলো LibreOffice অনুপ্ৰয়োগসমূহৰ বাবে আইকনসমূহ আপোনাৰ থাকিব লাগিব।

Fedora, Suse, Mandriva আৰু অন্য Linux চিস্টেমসমূহত RPM পেকেইজসমূহ ব্যৱহাৰ কৰি LibreOffice ৰ ইনস্টল
----------------------------------------------------------------------

যদি আপোনাৰ LibreOffice এটা পূৰ্বৱৰ্তী সংস্কৰণ ইতিমধ্যে ইনস্টল আছে, তেনেহলে আপুনি আগবঢ়াৰ আগত ইয়াক আনইনস্টল কৰিব লাগিব। এটা ভাষা পেক কিদৰে ইনস্টল কৰিব তাৰ বিষয়ে নিৰ্দেশৰ বাবে (LibreOffice ৰ US ইংৰাজী সংস্কৰণ ইনস্টল কৰাৰ পিছত), অনুগ্ৰহ কৰি তলত দিয়া অংশ এটা ভাষা পেক ইনস্টল কৰা পঢ়ক।

যেতিয়া আপুনি ডাউনল'ড কৰা আৰ্কাইভ আনপেক কৰে, আপুনি দেখিব যে সমলসমূহক এটা উপ- ডাইৰেকটৰিত অসংকোতিচ কৰা হৈছে। এটা নথিপত্ৰ ব্যৱস্থাপক উইন্ডো খোলক, আৰু ডাইৰেকটৰিক এটা "LibO_" লে আৰম্ভ হোৱা, সংস্কৰণ নম্বৰ আৰু কিছু প্লেটফৰ্ম তথ্যৰে অনুকৰণ হোৱালে সলনি কৰক। 

এই ডাইৰেকটৰিৰ এটা উপডাইৰেকটৰি "RPMS" ইনস্টল হৈ আছে। ডাইৰেকটৰিক "RPMS" ডাইৰেকটৰিলে সলনি কৰক।

ডাইৰেকটৰিৰ ভিতৰত ৰাইট-ক্লিক কৰক আৰু বাছক "টাৰমিনেলত খোলক"। এটা টাৰমিনেল উইন্ডো খোল খাব। টাৰমিনেলৰ উইন্ডো কমান্ড শাৰীৰ পৰা, নিম্নলিখিত কমান্ড সুমুৱাওক (কমান্ডটো প্ৰেৰণ হোৱাৰ আগত আপোনাক আপোনাৰ ৰুট ব্যৱহাৰকাৰী পাছৱাৰ্ড বিচৰা হব):

Fedora-ভিত্তিয় চিস্টেমসমূহৰ বাবে: su -c 'yum install *.rpm'

Mandriva-ভিত্তিয় চিস্টেমসমূহৰ বাবে: sudo urpmi *.rpm

অন্য RPM-ভিত্তিয় চিস্টেমসমূহ (Suse, etc.) ৰ বাবে: rpm -Uvh *.rpm

উপৰত থকা কমান্ডে ইনস্টল প্ৰক্ৰিয়াৰ প্ৰথম অংশ কৰে। প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিবলে, আপুনি ডেস্কটপ অনুকলন পেকেইজসমূহ ইনস্টল কৰিব লাগিব। সেয়া কৰিবলে, নিম্নলিখিত কমান্ড ব্যৱহাৰ কৰি ডাইৰেকটৰিক "ডেস্কটপ অনুকলন" ডাইৰেকটৰিলে সলনি কৰক যোনটো "RPMS" ডাইৰেকটৰিৰ ভিতৰত আছে:

cd ডেস্কটপ-অনুকলন

এতিয়া ইনস্টল কমান্ডটো পুনৰ চলাওক:

Fedora-ভিত্তিয় চিস্টেমসমূহৰ বাবে: su -c 'yum install *freedesktop*.rpm'

Mandriva-ভিত্তিয় চিস্টেমসমূহৰ বাবে: sudo urpmi *mandriva*.rpm

SUSE-ভিত্তিয় চিস্টেমসমূহৰ বাবে: rpm -Uvh *suse*.rpm

অন্য RPM-ভিত্তিয় চিস্টেমসমূহৰ বাবে: rpm -Uvh *freedesktop*.rpm

ইনস্টল প্ৰক্ৰিয়া এতিয়া সম্পূৰ্ণ হৈছে, আৰু আপোনাৰ ডেস্কটপৰ অনুপ্ৰয়োগসমূহ/অফিচ মেনুত থকা সকলো LibreOffice অনুপ্ৰয়োগসমূহৰ বাবে আইকনসমূহ আপোনাৰ থাকিব লাগিব।

Linux বিতৰনসমূহৰ বাবে ডেস্কটপ অনুকলন উদ্বেগীয় টোকাসমূহ উপৰত থকা ইনস্টল নিৰ্দেশসমূহত অন্তৰ্ভুক্ত নহয়
----------------------------------------------------------------------

LibreOffice ক এই ইনস্টল নিৰ্দেশসমূহত ধাৰ্য্যত নহোৱা অন্য Linux বিতৰনসমূহত ইনস্টল কৰা অতি সহজভাৱে সম্ভব হব লাগে। মূখ্য কাৰণ যাৰ কাৰণে ভিন্নতাৰ সন্মুখিন হব পাৰে হল ডেস্কটপ অনুকলন।

ডেস্কটপ-অনুকলন ডাইৰেকটৰিটোৱে libreoffice3.3-freedesktop-menus-3.3.1.noarch.rpm (অথবা অনুৰূপ) নামৰ পেকেইজ এটা অন্তৰ্ভুক্ত কৰে। এইটো এটা পেকেইজ সকলো Linux বিতৰনৰ বাবে যিসকলে Freedesktop.org ৰ ধাৰ্য্যকৰন/উপদেশসমূহ (http://en.wikipedia.org/wiki/Freedesktop.org) সমৰ্থন কৰে, আৰু উপৰৰ নিৰ্দেশসমূহত অন্তৰ্ভুক্ত নোহোৱা অন্য Linux বিতৰনসমূহত ইনস্টল কৰাৰ কাৰণে যোগান দিয়া হৈছে।

এটা ভাষা পেক ইনস্টল কৰা হৈ আছে
----------------------------------------------------------------------

আপোনাৰ পছন্দৰ ভাষা আৰু প্লেটফৰ্মৰ কাৰণে ভাষা পেক ডাউনল'ড কৰক। ইহত মূখ্য ইনস্টল আৰকাইভ যি অৱস্থানৰ আছে তাতে উপলব্ধ। Nautilus নথিপত্ৰ ব্যৱস্থাপকৰ পৰা, ডাউনল'ড কৰা আৰকাইভক এটা ডাইৰেকটৰি (যেনে আপোনাৰ ডেস্কটপ) লে এক্সস্ট্ৰেক্ট কৰক। সুনিশ্চিত কৰক যে আপুনি সকলো LibreOffice অনুপ্ৰয়োগ (QuickStarter কে ধৰি, যদি ইয়াক আৰম্ভ কৰা হৈছে) প্ৰস্থান কৰিছে।

যিটো ডাইৰেকটৰিলে আপুনি ডাউনল'ড কৰা ভাষা পেক এক্সস্ট্ৰেক্ট কৰিছে তালৈকে ডাইৰেকটৰি সলনি কৰক।

এতিয়া ডাইৰেকটৰিক সেই ডাইৰেকটৰিলে সলনি কৰক যাক এক্সস্ট্ৰেকষণ প্ৰক্ৰিয়াৰ সময়ত সৃষ্টি কৰা হৈছিল। উদাৰহনস্বৰূপে, এটা ৩২-বিট Debian/Ubuntu-ভিত্তিয় চিস্টেমৰ ফৰাচী ভাষা পেকৰ কাৰণে, ডাইৰেকটৰি নাম LibO_, অতিৰিক্তভাৱে আছে কিছু সংস্কৰণ তথ্য, Linux_x86_langpack-deb_fr।

এতিয়া ডাইৰেকটৰিক সেই ডাইৰেকটৰিলে সলনি কৰক যি ইনস্টল কৰিব লগিয়া পেকেইজসমূহ অন্তৰ্ভুক্ত কৰে। Debian/Ubuntu-ভিত্তিয় চিস্টেমসমূহত, ডাইৰেকটৰি DEBS হব। Fedora, Suse অথবা Mandriva চিস্টেমসমূহত, ডাইৰেকটৰি RPMS হব।

Nautilus নথিপত্ৰ ব্যৱস্থাপকৰ পৰা, ডাইৰেকটৰিত ৰাইট-ক্লিক কৰক আৰু বাছক "টাৰমিনেলত খোলক"। টাৰমিনেল উইন্ডো যিটো আপুনি এইমাত্ৰ খোলিছে, ভাষা পেক ইনস্টল কৰিবলে কমান্ড প্ৰেৰণ কৰক (তলত থকা সকলো কমান্ডৰ সৈতে, আপোনাক আপোনাৰ ৰুট ব্যৱহাৰকাৰী পাছৱাৰ্ড বিচৰা হব পাৰে):

Debian/Ubuntu-ভিত্তিয় চিস্টেমসমূহৰ বাবে: sudo dpkg -i *.deb

Fedora-ভিত্তিয় চিস্টেমসমূহৰ বাবে: su -c 'yum install *.rpm'

Mandriva-ভিত্তিয় চিস্টেমসমূহৰ বাবে: sudo urpmi *.rpm

অন্য RPM-ব্যৱহাৰকাৰী চিস্টেমসমূহ (Suse, etc.) ৰ বাবে: rpm -Uvh *.rpm

এতিয়া LibreOffice অনুপ্ৰয়োগসমূহৰ এটা -  Writer, উদাহৰনস্বৰূপে, আৰম্ভ কৰক। সঁজুলিসমূহ মেনুলে যাওক আৰু বাছক বিকল্পসমূহ। বিকল্পসমূহ ডাইলগ বাকচত, "ভাষা সংহতিসমূহ" ক্লিক কৰক আৰু তাৰ পিছত ক্লিক কৰক "ভাষাসমূহ"। "ব্যৱহাৰকাৰী আন্তঃপৃষ্ট" তালিকা তললৈ নমাওক আৰু আপুনি এতিয়া ইনস্টল কৰা ভাষা বাছক। যদি আপুনি বিচাৰে, "স্থানীয় সংহতি", "অবিকল্পিত মুদ্ৰা", আৰু "দস্তাবেজসমূহৰ কাৰণে অবিকল্পত ভাষা" সকলোৰে কাৰণে একে কৰিব পাৰে।

সেই সংহতিসমূহ সংগঠিত কৰাৰ পিছত, ঠিক আছে ত ক্লিক কৰক। ডাইলগ বাকচ বন্ধ হব, আৰু আপুনি এটা তথ্য বাৰ্তা দেখা পাব যি আপোনাক কব যে আপোনাৰ পৰিৱৰ্তনসমূহ LibreOffice প্ৰস্থান কৰি আৰু পুনৰ ইয়াক আৰম্ভ কৰাৰ (QuickStarter প্ৰস্থান কৰিব মনত ৰাখিব যদি আৰম্ভ হৈ আছে) পিছত সক্ৰিয় হব।

আকৌ যেতিয়া আপুনি LibreOffice আৰম্ভ কৰিব, ই আপুনি এইমাত্ৰ ইনস্টল কৰা ভাষাত আৰম্ভ হব।

----------------------------------------------------------------------
প্ৰগ্ৰাম আৰম্ভ কৰোঁতে সমস্যা
----------------------------------------------------------------------

LibreOffice আৰম্ভনিৰ সমস্যাত (e.g. applications hang) আৰু পৰ্দ্দাৰ সমস্যা graphics card চালকৰ কাৰণে হয়। এইবোৰ হ'লে, আপোনাৰ graphics card চালক উন্নত কৰক অথবা আপোনাৰ চিস্টেময়ে দিয়া চালক ব্যৱহাৰ কৰক। 3D বস্তুৰ সমস্যাত "Use OpenGL" বিকল্প নিষ্ক্ৰিয় কৰক যি 'Tools - Options - LibreOffice - View - 3D view' আছে।

----------------------------------------------------------------------
চৰ্টকাট কি'সমূহ
----------------------------------------------------------------------

প্ৰণালীয়ে ব্যৱহাৰ নকৰা চৰ্টকাট কি'সমূহ অকল (কি সংযুক্তি)  LibreOffice ত ব্যৱহাৰ কৰিব পাৰি। যদি চাবিয়ে LibreOffice কাম নকৰে যি LibreOffice Help ত কোৱা হৈছে, প্ৰণালীত তাক ব্যৱহাৰ কৰা হৈছে নেকি পৰীক্ষা কৰক। ইয়াৰ সমাধানৰ কাৰণে, প্ৰণালীৰ চাবি সলনি কৰক। বৈকল্পিপকভাবে, আপুনি LibreOffice সকলো চাবি সলনি কৰিব পাৰে। ইয়াৰ অধিক তথ্যৰ বাবে, LibreOffice সহায় চাওক অথবা প্ৰণালীৰ সহায় দস্তাবেজ চাওক।

----------------------------------------------------------------------
নথিপত্ৰ লক কৰা
----------------------------------------------------------------------

LibreOffice ত নথিপত্ৰ লকিং অবিকল্পিতভাৱে সামৰ্থবান। এনে এটা নেটৱাৰ্ক যি নেটৱাৰ্ক নথিপত্ৰ চিস্টেম প্ৰটোকল (NFS) ব্যৱহাৰ কৰে, NFS ক্লাএন্টসমূহৰ কাৰণে লকিং ডিমন সক্ৰিয় হব লাগিব। নথিপত্ৰ লকিং অসামৰ্থবান কৰিবলে, soffice স্ক্ৰিপ্ট সম্পাদন কৰক আৰু "export SAL _ENABLE_FILE_LOCKING" ক "# export SAL_ENABLE_FILE_LOCKING" লে শাৰীটো সলনি কৰক। যদি আপুনি নথিপত্ৰ লকিং অসামৰ্থবান কৰি থয়, এটা দস্তাবেজৰ লিখা অনুমতি যিজন ব্যৱহাৰকাৰীয়ে দস্তাবেজটো খোলে কেৱল তেওলে সীমাবদ্ধ নহয়।

সতৰ্কবাৰ্তা: সক্ৰিয় নথিপত্ৰ লকিং বৈশিষ্টয় Solaris 2.5.1 আৰু 2.7 যাক Linux NFS 2.0 ৰ লগত ব্যৱহাৰ কৰা হয়, তাত সমস্যা দিব পাৰে। আপোনাৰ চিস্টেমত এই স্থিতিমাপ থাকিলে, আপুনি নথিপত্ৰ লক কৰা বৈশিষ্ট ব্যৱহাৰ নকৰিব। ন'হ'লে, Linux কমপিউটাৰৰ পৰা LibreOffice এৰে এটা NFS mounted directory ৰ পৰা নথিপত্ৰ খুলিবলৈ সি হেঙ্ হ'ব।

----------------------------------------------------------------------
গ্ৰাফিক পৰিৱেশন
----------------------------------------------------------------------

অবিকল্পিতভাৱে, LibreOffice এ ধুনীয়া-দেখা গ্ৰাফিক্সক গতিতকে বেছি পছন্দ কৰে। যদি আপুনি ধিৰ গ্ৰাফিক্স অনুভৱ কৰে, 'সঁজুলিসমূহ - বিকল্পসমূহ - LibreOffice - দৰ্শন কৰক - এন্টি-এলিয়াচিং ব্যৱহাৰ কৰক' বন্ধ কৰি দিয়ায় সহায় কৰিব পাৰে।

----------------------------------------------------------------------
গুৰুত্বপূৰ্ণ অভিগমৰ টোকা
----------------------------------------------------------------------

LibreOffice ত থকা অভিগম বৈশিষ্টসমূহৰ উপৰত অধিক তথ্যৰ কাৰণে, http://www.libreoffice.org/accessibility/ চাওক

----------------------------------------------------------------------
ব্যৱহাৰকৰ্তাৰ সমৰ্থন
----------------------------------------------------------------------

মূখ্য সমৰ্থন পৃষ্ঠা http://www.libreoffice.org/support/ LibreOffice ৰ সৈতে সহায়ৰ বহু সম্ভাবনা প্ৰদান কৰে। আপোনাৰ প্ৰশ্ন হয়তো ইতিমধ্যে উত্তৰ দিয়া হৈছে - http://www.documentfoundation.org /nabble/ নীৰিক্ষণ কৰক অথবা 'users@libreoffice.org' মেইলিং তালিকাৰ আৰ্কাইভসমূহ http://www.libreoffice.org/lists/users/ - ত বিছাৰক। বৈকল্পিকভাৱে, আপুনি আপোনাৰ প্ৰশ্নসমূহ  users@libreoffice.org লে পঠাব পাৰে। যদি আপুনি তালিকাটোলে স্বাক্ষৰ কৰিব বিচাৰিছে (ই-মেইল প্ৰতিক্ৰিয়া পাবলে), users +subscribe@libreoffice.org এটা খালি মেইল পঠাওক।

http://www.libreoffice.org/faq/. থকা FAQ অংশটোও নীৰিক্ষণ কৰিব।

----------------------------------------------------------------------
বাগসমূহ & সংবাদ দিয়া হৈ আছে; বিষয়সমূহ
----------------------------------------------------------------------

সংবাদ দিবলে, অনুসৰন কৰিবলে আৰু বাগসমূহ সমাধান কৰিবলে আমাৰ বৰ্তমান চিস্টেম BugZilla, https://bugs.freedesktop.org/ ত হস্ট কৰা হৈছে। আমি সকলো ব্যৱহাৰকাৰীক উৎসাহ যগাও নিজকে এনটাইটেল্ড ভাবিবলে আৰু স্বাগতম জনাও আপোনাৰ বিশেষ প্লেটফৰ্মত দেখা দিব পৰা বাগসমূহ সংবাদন কৰিবলে।বাগসমূহৰ উদ্যমী সংবাদন বহু গুৰুত্বপূৰ্ণ অৱদানসমূহৰ এটা যি ব্যৱহাৰকাৰী সম্প্ৰদােয় LibreOffice ৰ চলি থকা  উন্নয়ন আৰু অগ্ৰগতীৰ কাৰণে কৰিব পাৰে।

----------------------------------------------------------------------
জড়িত হৈ আছে
----------------------------------------------------------------------

এই গুৰুত্বপূৰ্ণ মুক্ত উৎসৰ পৰিকল্পনাত LibreOffice সম্প্ৰদায় বহুতো লাভ পাব আপোনাৰ সক্ৰিয় অংশ গ্ৰহণৰ পৰা।

এজন ব্যৱহাৰকাৰী হিচাপে, আপুনি ইতিমধ্যে চুইট উন্নয়ন প্ৰক্ৰিয়াৰ এটা বহুমূলীয়া অংশ আৰু আমি আপোনাক উৎসাহ দিব বিচাৰো এটা অধিক সক্ৰিয় ভূমিকা লবলে, সম্প্ৰদায়ৰ বাবে দীঘল-ম্যাদৰৰ অৱদানকাৰী হোৱাৰ দৰ্শনেৰে। অনুগ্ৰহ কৰি http://www.libreoffice.org/contribution/ ত অংশগ্ৰহন কৰক আৰু অৱদানকাৰী পৃষ্ঠাটো নীৰিক্ষন কৰক। 

আৰম্ভ কৰিবলৈ পথ 
----------------------------------------------------------------------

অৱদান কৰাৰ আটাইতকৈ উত্তম ধৰণ হৈছে এটা অথবা অধিক মেইলিং তালিকাত স্বাক্ষৰ কৰি, কিছু সময় ঘুৰি ফুৰক, আৰু লাহে লাহে মেইল আৰকাইভসমূহ ব্যৱহাৰ কৰক নিজকে LibreOffice ৰ উৎস ক'ড অক্টোবাৰ ২০০০ ত উন্মোচন হোৱাৰ পৰা অন্তৰ্ভুক্ত হোৱা বহু বিষয়ৰ সৈতে নিজকে পৰিচিত কৰিবলে। যেতিয়া আপুনি পৰা হৈ যাব, আপুনি কেৱল এটা আত্ম-পৰিচয়ী ই-মেইল পঠাব লাগিব আৰু ভিতৰলে সোমাই আহক। যদি আপুনি মুক্ত উৎস প্ৰকল্পসমূহৰ লগত পৰিচিত,  http://www.libreoffice.org/develop/ ত আমাৰ কৰিবলগিয়া তালিকাটো নীৰিক্ষণ কৰক আৰু চাওক যদি এনেকুৱা কিবা আছে যত আপুনি সহায় কৰিব বিচাৰে।

স্বাক্ষৰ কৰক
----------------------------------------------------------------------

http://www.libreoffice.org/contribution/ ত কেইটামান মেইলিং তালিকা আছে যত আপুনি স্বাক্ষৰ কৰিব বিচাৰিব পাৰে

* বাতৰি: announce@documentfoundation.org *সকলো ব্যৱহাৰকাৰীৰ কাৰণে উপদেশিত* (পাতল ট্ৰাফিক)
* মূখ্য ব্যৱহাৰকাৰী তালিকা: users@global.libreoffice.org *আলোচনাসমূহত অংশগ্ৰহন কৰিবলে সহজ উপায়* (ডাঠ ট্ৰাফিক)
* বিপণন প্ৰকল্প: marketing@global.libreoffice.org *উন্নয়ন পাৰ হৈ* (ভাৰি হৈ আছে)
* সাধাৰণ উন্নয়ক তালিকা: libreoffice@lists.freedesktop.org (ডাঠ ট্ৰাফিক)

এটা অথবা অধিক প্ৰকল্পত অংশগ্ৰহন লৈ আছে
----------------------------------------------------------------------

যদিও আপোনাৰ ছফটৱেৰ ডিজাইন অথবা ক'ডিং অভিজ্ঞতা সীমিত এই গুৰুত্বপূৰ্ণ অপেন উৎস প্ৰজেক্টটোলৈ আপুনি অধিক পৰিমাণৰ বৰঙণি আগবঢ়াব পাৰে. হয়, আপুনি! 

নতুন LibreOffice 3.6 ৰ লগত কাম কৰি আপুনি ভাল পাব বুলি ভাবিছো আৰু আমাক অনলাইন লগ ধৰিব।

LibreOffice সম্প্ৰদায়

----------------------------------------------------------------------
ব্যৱহৃত/ ৰূপান্তৰিত উৎস ক'ড 
----------------------------------------------------------------------

Portions Copyright 1998, 1999 James Clark. Portions Copyright 1996, 1998 Netscape Communications Corporation.